জুবিন গাৰ্গৰ বহু চৰ্চিত ছবি গানে কি আনেৰ অভিনৱ সফলতা
সকলো দৰ্শকৰ উৎসাহ উৎকন্ঠাৰ অন্ত পেলাই ১৪ অক্টোৱৰত মুক্তি লাভ কৰিলে জুবিন গাৰ্গৰ বহু চৰ্চিত ছবি "গানে কি আনে " । যোৱা কিছু সময়ৰ পৰা অসমৰ চুকে কোণে বহু চৰ্চিত ছবিখনৰ সংগীত আৰু ট্ৰেইলাৰ ইতিমধ্যে দৰ্শকৰ মাজত সীমাহীন জনপ্ৰিয়তা লাভ কৰিছে। ছবিখনত জুবিন গাৰ্গে অভিনয়ৰ লগতে সংগীত পৰিচালনাও কৰিছে ।
MAGICAL ASSAM ৱেব আলোচনীয় অনুসৰি, অসমীয়া ছবিজগতত ৰেকৰ্ড ভংগকাৰী ছবিৰূপে পৰিগনিত হৈছে জুবিন গাৰ্গৰ গানে কি
আনে ।
ছবিখনৰ প্ৰথমদিনৰ ব্যৱসায় হ'ল ৫,৪৬,৫৪৯ টকা ৷ দ্বিতীয,তৃতীয় দিনাওঁ ছবিখনে বাম্পাৰ ব্যৱসায় কৰিবলৈ সক্ষম হৈছে ।যোৱাকালি ৰবিবাৰে ছবিখনে বক্স অফিচত ৯.১৫ লাখ টকাৰ ব্যৱসায়েৰে অসমীয়া ছবি হিচাপে ১ দিনত আটাইতকৈ বেছি ব্যৱসায়ৰ ৰেকৰ্ড গঢি তোলে, সৰ্বমুঠ ৩ দিনৰ উইকেন্দত ছবিখনে ১৭,৬৩,৮৯৮ টকাৰ ব্যৱসায়েৰে অসমীয়া ছবি হিচাপে প্ৰথম উইকেন্দত সৰ্বকালৰ আটাইতকৈ বেছি ব্যৱসায় কৰা ছবি হিচাপেওঁ আগৰ সকলো ৰেকৰ্ড ভংগ কৰে ৷
আজি কাতি বিহুৰ বন্ধই ছবিখনৰ ব্যৱসায়ত আৰু সহায় কৰিব বুলি কব পাৰি ।
No comments: